আমি সকলোৱেই লক্ষ্য কৰিছো যে, ডিজিটেল ব্যৱস্থাই ক্ৰমাৎ কাগজৰ ব্যৱহাৰ কমাই আনিছে৷ মানুহৰ কামো সহজ আৰু খৰতকীয়া হৈছে৷ শেহতীয়াকৈ ইন্টানৰেনট সেৱাই আমাৰ গাঁৱৰ চুকে-কোণে আৱৰি ধৰিছে৷ ইন্টাৰনেট সেৱাক আমাৰ অধিকাংশই এতিয়াও জ্ঞান অর্জনতকৈ মনোৰঞ্জনৰ মাধ্যম হিচাপে বেছি ব্যৱহাৰ কৰে৷ কিন্তু বিদ্যায়তনিক দিশটোতো আমি যদি সমানে খোজ পেলাই যাব নোৱাৰো তেন্তে জাতি হিচাপে সাম্প্ৰতিক সময়ত বহু পিছত থাকি যাম৷
বিদ্যায়তনিক দিশলৈ লক্ষ্য কৰিলে দেখা যায় যে, অন্যান্য ভাষাত যিমান পৰিমাণে পাঠভিত্তিক বিষয়বোৰ ইন্টাৰনেট ব্যৱস্থাৰ সৈতে সংযুক্ত হৈছে, সম পৰিমাণত অসমীয়া ভাষাত বিদ্যালয়তনিক উপাদানৰ যথেষ্ট্ অভাৱ দেখা যায়৷ বজাৰত চলি থকা সহায়ক গ্ৰন্থৰাজিৰ বাদে অসমীয়া মাধ্যমৰ ছাত্ৰ-ছাত্ৰীক সহায় কৰিব পৰাকৈ ডিজিটেল মাধ্যম এতিয়াও সমৃদ্ধ হোৱা নাই৷ এই অভাৱৰ প্ৰতি লক্ষ্য ৰাখি আমি বিশেষভাৱে অসমীয়া মাধ্যমৰ ছাত্ৰ-ছাত্ৰীৰ সুবিধা হোৱাকৈ এই পর্টেলত শ্ৰেণীভিত্তিক প্ৰশ্নোত্তৰসমূহ আগবঢ়াই যোৱাৰ চেষ্টা কৰিম৷
অভিজ্ঞ শিক্ষকৰ দ্বাৰাই আমি ছাত্ৰ-ছাত্ৰীসকলে সততে সন্মুখীন হোৱা সমস্যাৰাজি সমাধানৰো চেষ্টা কৰিম৷ এইক্ষেত্ৰত ছাত্ৰ-ছাত্ৰীয়ে ইয়াত থকা ‘কমেন্ট্ বক্স’ত তেওঁলোকৰ সমস্যাসমূহ আগবঢ়াব পাৰিব৷ যিমান সোনকালে সম্ভৱ আমি সেয়া সমাধান কৰি দিবলৈ যত্ন কৰিম৷
আনহাতে, আমাৰ ইংৰাজী মাধ্যমত পঢ়া ছাত্ৰ-ছাত্ৰীসকলে অসমীয়া বিষয়টোক লৈ যথেষ্ট্ অসুবিধাৰ সন্মুখীন হোৱা দেখা যায়৷ সততে দেখা যায় ছাত্ৰ-ছাত্ৰী বজাৰৰ পৰা কেতবোৰ সহায়ক গ্ৰন্থ ক্ৰয় কৰে৷ তাৰ সামান্তৰালভাৱে আমি অভিজ্ঞ শিক্ষকৰ দ্বাৰাই অসমীয়া বিষয়ৰ প্ৰশ্নোত্তৰসমূহ ডিজিটেল ফর্মত সমাধান কৰি দিবলৈ চেষ্টা কৰিছোহঁক৷ আশাকৰোঁ তেওঁলোকৰ যথেষ্ট্ সহায়ক হ’ব৷
এইখিনিতে উল্লেখ কৰি থ’ব খোজো যে, কাৰিকৰী কাৰণত ইয়াত কেতবোৰ বর্ণাশুদ্ধি থাকি যোৱাটো অস্বাভাৱিক নহয়৷ সেইসমূহ শুধৰাই ল’বলৈ ছাত্ৰ-ছাত্ৰীসকলক অনুৰোধ জনোৱা হ’ল৷
আমাৰ এই ক্ষুদ্ৰ প্ৰয়াসত ছাত্ৰ-ছাত্ৰীৰ লগতে অভিভাৱক তথা অভিজ্ঞজনৰ গঠনমূলক পৰামর্শ আন্তৰিকতাৰে কামনা কৰিছোঁ৷ ৷